বিশ্ব পৰিৱেশ দিৱসৰ সংকল্প
আজি ৫ জুন, ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰিৱেশ দিৱস। বৰ্তমান সময়ত সমগ্ৰ মানৱ জাতি আৰু আমাৰ আই ধৰিত্ৰীয়ে মুখামুখি হোৱা আটাইতকৈ ডাঙৰ তথা ভয়াবহ প্ৰত্যাহ্বানটো হৈছে ক্ৰমাৎ বৃদ্ধি পৰা গোলকীয় উষ্ণতা (Global Warming) আৰু চৌদিশে বিয়পি পৰা মাৰাত্মক প্ৰদূষণ। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন, অসহ্য গৰম, খৰাং পৰিস্থিতি আৰু ধুমুহা-বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰে প্ৰতি পলতে আমাক সঁহাৰি দি জনাইছে যে আমাৰ প্ৰকৃতি আই আজি সংকটাপন্ন।
গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আজি হিমবাহ গলি খহি পৰিছে, সাগৰৰ জলস্তৰ বৃদ্ধি পাইছে আৰু বনাঞ্চল ধ্বংস হোৱাৰ বাবে বন্যপ্ৰাণীসমূহৰ বাসস্থান নাইকিয়া হৈ পৰিছে, যাৰ পোনপটীয়া প্ৰভাৱ মানৱ সমাজৰ ওপৰত পৰিছে। গতিকে আমাৰ এই মৰমৰ ধৰিত্ৰী মাক মহাবিপদৰ পৰা মুক্ত কৰা আৰু প্ৰকৃতিৰ হেৰাই যোৱা ভাৰসাম্য ৰক্ষা কৰাটো কেৱল চৰকাৰ বা কোনো নিৰ্দিষ্ট সংস্থাৰে কাম নহয়, বৰঞ্চ এই ধৰাত বাস কৰা আমাৰ প্ৰত্যেকৰে এক পৰম পবিত্ৰ কৰ্তব্য আৰু নৈতিক দায়িত্ব।
সেইবাবেই আহক, এই পবিত্ৰ দিনটোত আমি কেৱল মুখৰ শ্লোগান, ফেচবুক-হোৱাটছএপৰ দেৱাল বা কাৰ্যসূচীৰ আনুষ্ঠানিক ফটো তোলাতে সীমাবদ্ধ নাথাকি, সকলোৱে অন্তৰৰ পৰা সজাগ হওঁ আৰু নিজৰ সাধ্যানুসৰি অন্তত একোটাকৈ হ’লেও গছপুলি ৰোপণ কৰোঁ। কেৱল গছপুলি ৰুই এৰি দিলেই নহ’ব, সেই পুলিটো ডাঙৰ-দীঘল হৈ এটা বিশাল বৃক্ষত পৰিণত নোহোৱালৈকে তাক নিজৰ সন্তানৰ দৰে যত্ন, পানী আৰু সুৰক্ষা দিয়াৰ সম্পূৰ্ণ দায়িত্ব আমি নিজে ল’ব লাগিব।
ইয়াৰ লগতে আমাৰ দৈনিক জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰি চাৰিওফালৰ পৰিৱেশ নিকা কৰি ৰখাৰ বাবেও দৃঢ় প্ৰতিজ্ঞ হ’ব লাগিব। মনত ৰাখিব, আমাৰ আজিৰ এই সৰু সৰু সজাগ পদক্ষেপবোৰেই কাইলৈৰ নতুন প্ৰজন্মক উপহাৰ দিব এখন সুন্দৰ, সেউজীয়া, প্ৰদূষণমুক্ত আৰু সুৰক্ষিত পৃথিৱী, য’ত আমাৰ সন্তানসকলে মুকলিকৈ বিশুদ্ধ বতাহত উশাহ ল’ব পাৰিব আৰু এক সুস্থ জীৱন অতিবাহিত কৰিব পাৰিব। যদি আজি আমি সজাগ নহওঁ, তেন্তে ভৱিষ্যতে মানৱ সভ্যতাৰ অস্তিত্বই বিপন্ন হৈ পৰিব।
গতিকে পলম নকৰি আহক আমি সকলোৱে একগোট হৈ হাতত হাত মিলাই আমাৰ ধৰিত্ৰী মাক সুৰক্ষিত কৰোঁ আৰু সংকল্পবদ্ধ হওঁ—
No comments:
Post a Comment