কাউৰীপথাৰত পবিত্ৰ শিক্ষা অভিযানৰ শুভাৰম্ভ: সৎনামী সমাজৰ এক ঐতিহাসিক পদক্ষেপ
বিশ্বনাথ, 28 মে: অসমৰ সৎনামী সমাজৰ নতুন প্ৰজন্মক শৈক্ষিকভাৱে স্বাৱলম্বী আৰু সজাগ কৰি তোলাৰ উদ্দেশ্যে এক মহান পদক্ষেপ গ্ৰহণ কৰা হৈছে। যোৱা 28/05/2026 তাৰিখে বিশ্বনাথ জিলাৰ অন্তৰ্গত কাউৰীপথাৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পূৰ্ণ বিনামূলীয়া পাঠদান (Free Coaching Class) কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়।
এই পবিত্ৰ শিক্ষা অভিযানৰ মূল পৰিকল্পনা আৰু আয়োজন সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদ আৰু অসম সৎনামী সমাজ যুৱ শক্তি-ৰ যৌথ উদ্যোগত সফল কৰি তোলা হৈছে। সমাজৰ প্ৰতিগৰাকী শিশুক গুণগত শিক্ষা প্ৰদান কৰা আৰু তেওঁলোকর উজ্জ্বল ভৱিষ্যত নিৰ্মাণ কৰাই এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য।
উক্ত শুভাৰম্ভণি অনুষ্ঠানত সমাজৰ কেইবাগৰাকীও জ্যেষ্ঠ অভিভাৱক, শিক্ষাগুৰু, সামাজিক কৰ্মী আৰু যুৱ নেতৃত্ব উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। বক্তাসকলে নিজৰ ভাষণত উল্লেখ কৰে যে শিক্ষাই হৈছে সমাজ পৰিৱৰ্তনৰ একমাত্ৰ আহিলা আৰু আজিৰ এই পদক্ষেপে অনাগত দিনত আমাৰ জাতিক এক নতুন মাত্ৰা প্ৰদান কৰিব।
অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল:
- শ্ৰী প্ৰদীপ জাংড়ে ছাৰ - উপ-সভাপতি, সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদ কেন্দ্ৰীয় সমিতি (বিশিষ্ট শিক্ষাগুৰু)
- হৰদুৱাৰ সৎনামী - সভাপতি, বিশ্বনাথ জিলা সমিতি
- অৱদলাল সৎনামী ছাৰ - প্ৰাক্তন সাধাৰণ সম্পাদক, কেন্দ্ৰীয় সমিতি
- নাগেশ্বৰ সৎনামী - প্ৰাক্তন সাংগঠনিক সম্পাদক, কেন্দ্ৰীয় সমিতি
- ৰমেশ সৎনামী - সক্ৰিয় সদস্য, বিশ্বনাথ জিলা সমিতি
- শ্ৰীমতী ৰূপা সৎনামী বাইদেউ - সক্ৰিয় সদস্যা, কেন্দ্ৰীয় সমিতি
- শ্ৰী তেজৰাজ সৎনামী - সভাপতি, অসম সৎনামী যুৱ পৰিষদ, বিশ্বনাথ জিলা সমিতি
অসম সৎনামী সমাজ যুৱ শক্তিৰ এডমিন পেনেল:
- ৰাজ সৎনামী, অজয় সৎনামী, লকেশ্বৰ সৎনামী, দেৱানন্দ সৎনামী আৰু কমল সৎনামী।
বিশিষ্ট অতিথিসকলৰ উপৰি উক্ত অনুষ্ঠানত কাউৰীপথাৰ অঞ্চলৰ বৃহৎসংখ্যক মৰমৰ আই-মাতৃ, সচেতন ৰাইজ তথা উছাহেৰে ভৰি থকা অলেখ কণ-কণ ভাই-ভনী উপস্থিত থাকে। সমগ্ৰ ৰাইজৰ সঁহাৰি আৰু সহযোগিতাই এই শিক্ষা অভিযানক আৰু অধিক শক্তিশালী কৰি তুলিছে।



No comments:
Post a Comment