বানে ধোৱা জনজীৱনৰ কাষত 'অসম সৎনামী সমাজ'
শেহতীয়াকৈ সমগ্ৰ অসমৰ লগতে শিৱসাগৰ আৰু চৰাদেউ জিলাতো প্ৰলয়ংকাৰী বানে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ পিছত, ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থিয় হৈছে আমাৰ সৎনামী সমাজ। দুৰ্দশাগ্ৰস্ত লোকসকলক অলপ সকাহ দিয়াৰ উদাৰ মনেৰে 'সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদ' আৰু 'অসম সৎনামী সমাজ যুৱ শক্তি'ৰ যৌথ উদ্যোগত এক জৰুৰী বান সাহায্য বিতৰণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়।
যোৱা কেবাদিনো ধৰি পানীৰ তলত থকা শিৱসাগৰৰ নাজিৰা-সন্তক, বামুণ পুখুৰী, বিহুবৰ আৰু চৰাইদেউৰ পান বেচা গাঁও অঞ্চলৰ বৰ্ধিত বানপীড়িত পৰিয়ালসমূহৰ মাজত যোৱা ২৭/০৭/২০২৬ তাৰিখে এই সাহায্য সামগ্ৰীসমূহ বিতৰণ কৰা হয়। দৈনন্দিন প্ৰয়োজনীয় খোৱা বস্তু আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বানাক্ৰান্ত ৰাইজৰ হাতত পোনপটীয়াকৈ তুলি দি দুৰ্যোগৰ এই কঠিন সময়ত তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰা হৈছে।
এই সাহায্য অভিযান সফলতাৰে সম্পন্ন কৰাত যিসকল কৰ্মকৰ্তা, স্বেচ্ছাসেৱক আৰু সৎনামী সমাজৰ ৰাইজে সহযোগিতা আগবঢ়ালে, তেওঁলোক সকলোলৈকে আমাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ এই ত্যাগ আৰু সহযোগিতাই আমাক ভৱিষ্যতেও সমাজখনৰ বাবে এনেদৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগাব।
আই-মাতৃ, ভাই-ভনীসকলৰ দুখ-কষ্টৰ দিনত সদায় কাষত থকাৰ সংকল্পৰে —


No comments:
Post a Comment