স্বাগতম! অসম সৎনামী সমাজ যুৱ শক্তিৰ এই ডিজিটেল মঞ্চলে আপোনাক আদৰণি জনাইছোঁ। আমাৰ এই প্ৰয়াস কোনো সংগঠন নহয়, বৰঞ্চ সমাজৰ প্ৰতিজন ডেকা-গাভৰুৰ মাজত একতা আৰু বিশ্বাস গঢ়ি তোলাৰ এক মুকলি মাধ্যম। ইয়াত আমি এজনে আনজনৰ কথা শুনো, বিপদে-আপদে কাষত থিয় দিওঁ আৰু আমাৰ গৌৰৱময় ইতিহাসক বুকুত বান্ধি আগুৱাই যাওঁ। আমাৰ এই একতাৰ যাত্ৰাত আপোনাৰ উপস্থিতি আৰু সহযোগক আমি সন্মান জনাওঁ।

এডমিন পেনেল

অসম সৎনামী সমাজ যুৱ শক্তি

ব্যক্তিগত ব্যস্ততাৰ মাজতো কেৱল সমাজৰ প্ৰতি থকা টান আৰু দায়বদ্ধতাৰ বাবে আমাৰ এডমিনসকলে দিন-ৰাতি এক কৰি কাম কৰি আছে

ঐক্য • সন্মান • স্বাৱলম্বন

আমাৰ ব্যতিক্ৰমী চিন্তাধাৰা

আমি কোনো সংগঠন নহয়, আমি এক মুকলি মঞ্চ

🧑‍💻 বহিঃৰাজ্যৰ বন্ধুসকল

আমি তেওঁলোকৰ সুবিধা-অসুবিধাৰ সময়ত সহায় কৰিবলৈ চেষ্টা কৰিম।

🗣️ মুক্ত কণ্ঠ

ইয়াত কাকো অৱহেলা কৰা নহয়, সকলোৰে চিন্তাক সমান গুৰুত্ব দিয়া হয়।

🩸 তেজৰ যোগান

তেজৰ যোগান বা চাকৰিৰ তথ্যৰে আমি এজনে আনজনক সহায় কৰিম।

🛡️ সামাজিক সুৰক্ষা

সামাজিক একতা ৰক্ষাৰ্থে পৰিয়ালসমূহক আমি সহায় কৰিবলৈ চেষ্টা কৰিম।

সৎনামী ঐক্য মঞ্চৰ এডমিনসকল

▼ নামৰ কাষৰ বুটামত ক্লিক কৰিলে প্ৰফাইল খোল খাব

গোবিন্দ সৎনামী 📍 আমতলা 💼 পেচাদাৰী
মুনেশ সৎনামী 📍 পানীগাঁও 💼 উপদেষ্টা
কিৰণ সৎনামী 📍 ডিকৰাই 💼 বেংকিং খণ্ড
অমন সৎনামী 📍 কাউৰীপথাৰ 💼 সমাজহিতৈষী
ৰাজ সৎনামী 📍 কাউৰীপথাৰ 💼 সমাজহিতৈষী
সঞ্জয় সৎনামী 📍 পানীগাঁও 💼 সমাজকৰ্মী
কেশৱ সৎনামী 📍 হাতীডাণ্ডী 💼 শিক্ষক
জিতু সৎনামী 📍 মাজগাঁও 💼 সমাজহিতৈষী
শ্ৰীমতী মনালিছা সৎনামী 📍 চিকনীপথাৰ 💼 স্নাতক
লক্ষেশ্বৰ সৎনামী 📍 কাউৰীপথাৰ 💼 ব্যৱসায়ী
অজয় সৎনামী 📍 কাউৰীপথাৰ 💼 সাংবাদিক
দেবানন্দ সৎনামী 📍 কাউৰীপথাৰ 💼 সমাজহিতৈষী
কমল সৎনামী 📍 কাউৰীপথাৰ 💼 শিল্পী
মোহন সৎনামী 📍 কাউৰীপথাৰ 💼 শিক্ষাৰ্থী
মোহিৰাম সৎনামী 📍 কাউৰীপথাৰ 💼 সমাজকৰ্মী
ৰাকেশ সৎনামী 📍 কাউৰীপথাৰ 💼 সমাজহিতৈষী
মনোজ সৎনামী 📍 খকাঞ্জুৰী 💼 চালক
বকুল সৎনামী 📍 তিনিচুকীয়া 💼 শিল্পী
হৰি প্ৰসাদ বাঞ্জাৰে 📍 সাপেখাতী 💼 সমাজহিতৈষী
দুলাল কছৰীয়া 📍 আমতলা 💼 সমাজহিতৈষী
সুৰেশ সৎনামী 📍 আমতলা 💼 সমাজহিতৈষী
সুৰেন সৎনামী 📍 ডিকৰাই 💼 সমাজহিতৈষী
শ্ৰীমতী ভাৰতী সৎনামী 📍 দলগাঁও 💼 সমাজহিতৈষী
দেৱজিৎ মহন্ত 📍 দলগাঁও 💼 শিক্ষাৰ্থী
ৰামু সৎনামী 📍 বৰপুখুৰী 💼 শিক্ষাৰ্থী
শ্ৰীমতী পল্লৱী দাস সৎনামী 📍 বামুণবাৰী 💼 সমাজহিতৈষী
শ্ৰীমতী সঞ্জনা মিৰি 📍 বামুণবাৰী 💼 শিক্ষাৰ্থী
দেৱৰাজ সৎনামী 📍 বাঁহবেৰা 💼 সমাজহিতৈষী
ৰিপন কছলে 📍 মাজগাঁও 💼 সমাজহিতৈষী
ডেভিদ সৎনামী 📍 সাপেখাতী 💼 সমাজহিতৈষী
খেমলাল সৎনামী 📍 সাপেখাতী 💼 সমাজহিতৈষী
প্ৰতিজন এডমিন নিজৰ কামত অদ্বিতীয় 😎 আৰু বন্ধুত্বপূৰ্ণ 🫂

"জীৱনৰ যুঁজখনত হেজাৰটা বাধা আহিলেও কেতিয়াও থমকি ৰব নালাগে, কাৰণ সঁচা আৰু সততাৰ পথেৰে যোৱা মানুহ কেতিয়াও পৰাজিত নহয়। আমাৰ মাজত থকা একতা আৰু সমাজৰ বাবে কিবা এটা কৰাৰ উদ্যমেই হৈছে আমাৰ আটাইতকৈ ডাঙৰ শক্তি।"

📞 যোগাযোগ কৰক

📱 WhatsApp / ফোন: +91 91102 51978 | 📲 গ্ৰুপত যোগ দিয়ক | 📧 ইমেইল ঠিকনা: assamsatnamisamajyuvashakti@gmail.com

© 2026 Assam Satnami Samaj Yuva Shakti — পৰিচালনা: গোবিন্দ সৎনামী

Monday, 1 June 2026

শৈক্ষিক ভেটি মজবুত কৰাৰ এক মহান লক্ষ্য

🚩 শিক্ষাৰ পোহৰ বিলাই সৎনামী সমাজৰ এক প্ৰশংসনীয় পদক্ষেপ! 📚কাউৰীপথাৰত সম্পন্ন হ’ল বিনামূলীয়া পাঠদান কাৰ্যসূচীআমাৰ সমাজৰ শৈক্ষিক ভেটি মজবুত কৰাৰ এক মহান লক্ষ্য আগত ৰাখি, শেহতীয়াকৈ কাউৰীপথাৰৰ সাকোমঠা প্ৰাথমিক বিদ্যালয়ত এক সফল শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হৈ গ’ল। সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদ আৰু অসম সৎনামী সমাজ যুৱ শক্তি’ যৌথ উদ্যোগত অনুষ্ঠিত এই বিনামূলীয়া পাঠদান কাৰ্যসূচীয়ে সমাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।



📌 কাৰ্যসূচীৰ কিছু বিশেষ দিশ:

এই পবিত্ৰ শিক্ষা অভিযানত ‘ক’ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মুঠ ১০৭ গৰাকী মৰমৰ ছাত্ৰ-ছাত্ৰীয়ে অতি আগ্ৰহেৰে অংশগ্ৰহণ কৰে।

ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় দিক-নিৰ্দেশনা প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত আছিল বিশিষ্ট শিক্ষক তথা সমল ব্যক্তি আৰু সমাজকৰ্মীসকল:

শিক্ষক আৰু সমল ব্যক্তিসকল:
শ্ৰী প্ৰদীপ জাংড়ে ছাৰ, অৱদলাল সৎনামী ছাৰ, শ্ৰীমতী ৰূপা সৎনামী বাইদেউ, জুতিকা সৎনামী, লকেশ্বৰ সৎনামী আৰু কমল সৎনামী।

উক্ত অনুষ্ঠানত ‘অসম সৎনামী সমাজ যুৱ শক্তি’ৰ পৰিচালক ৰাজ সৎনামীৰ লগতে অন্যান্য সদস্যসকলৰ উপস্থিতিয়ে কাৰ্যসূচীটোক অধিক গাম্ভীৰ্য প্ৰদান কৰে। সমগ্ৰ স্থানীয় ৰাইজ আৰু আই-মাতৃসকলে এই প্ৰচেষ্টাক যিদৰে আদৰি ল’লে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক।

সমগ্ৰ স্থানীয় ৰাইজ, আই-মাতৃ তথা ছাত্ৰ-ছাত্ৰীসকলৰ এই অভূতপূৰ্ব সঁহাৰিয়ে আমাৰ সৎনামী সমাজৰ শৈক্ষিক উত্তৰণৰ পথ আৰু অধিক প্ৰশস্ত কৰিব বুলি আমি দৃঢ়ভাৱে আশাবাদী। সমাজৰ এনে ধৰণৰ প্ৰতিটো গঠনমূলক কামত আপোনালোকৰ সহযোগ সদায় কাম্য।

আহক, আমি সকলোৱে মিলি আমাৰ ভৱিষ্যত প্ৰজন্মক শিক্ষাৰ পোহৰেৰে আলোকিত কৰি তোলোঁ। 🚩

ধন্যবাদেৰে,
অসম সৎনামী সমাজ যুৱ শক্তি পৰিয়াল

No comments:

Post a Comment

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু বৈপ্লৱিক শ্ৰদ্ধাঞ্জলি!

  🇮🇳 ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু বৈপ্লৱিক শ্ৰদ্ধাঞ্জলি! 🇮🇳 আজিৰ এই পৱিত...

Post Top Ad

Your Ad Spot

Pages

SoraTemplates

Best Free and Premium Blogger Templates Provider.

Buy This Template