পূৰ্বপুৰুষৰ ত্যাগ আৰু শিক্ষাৰ পোহৰ
আমাৰ পূৰ্বপুৰুষসকলে সেই কঠিন সময়ত কুসংস্কাৰৰ বিৰুদ্ধে যুঁজি নিজৰ তেজ-ঘামৰ বিনিময়ত স্কুল-নামঘৰ গঢ়ি থৈ গৈছে। মোবাইলৰ বিচ্ছুৰিত তথ্যই কেৱল খবৰ দিব পাৰে, কিন্তু কিতাপৰ গভীৰ অধ্যয়নেহে আমাক প্ৰকৃত জ্ঞান আৰু চৰিত্ৰ দান কৰিব পাৰে। পূৰ্বপুৰুষৰ সেই মহান ত্যাগক সন্মান জনাই নিজৰ ইতিহাসক জনাটোৱেই প্ৰতিজন সৎনামী সন্তানৰ প্ৰধান দায়িত্ব।
ঐতিহাসিক ভূমি দানৰ এক চমু তালিকা
| চন / সময় | মহৎ ব্যক্তিৰ নাম | স্থান আৰু অৱদান |
|---|---|---|
| ১৮৫০ | শংকৰ মহন্ত | হোজাইৰ খকনজুৰি নামঘৰ স্থাপনৰ বাবে মাটি দান। |
| ১৮৭০ | নৰেশ সৎনামী | গোলাঘাটৰ তামূলী পথাৰত মজলীয়া ইংৰাজী বিদ্যালয় (M.E. School)ৰ বাবে ভূমি দান। |
| ১৯১৪ | গুহা মহন্ত | নগাঁও জিলাৰ চিকনি পথাৰত প্ৰাথমিক বিদ্যালয় (L.P. School)ৰ বাবে মাটি দান। |
| ১৯২০ | শুকদেৱ পণ্ডিত | শোণিতপুৰৰ মিছামাৰীৰ এৰাবাৰী গাঁৱত প্ৰাথমিক বিদ্যালয়ৰ বাবে ভূমি দান। |
| - | চন্ধীয়াবাই সৎনামী | বিশ্বনাথৰ কাৰিবিলত মজলীয়া ইংৰাজী বিদ্যালয় (M.E. School)ৰ বাবে ভূমি দান। |
| ১৯৫০-ৰ দশক | কুনুৱাঁ মহাজন সৎনামী | বিশ্বনাথৰ কাউৰীপথাৰ-চাকুমাঠা গাঁৱত প্ৰাথমিক বিদ্যালয় আৰু নামঘৰৰ বাবে ভূমি দান। |
| ১৯৬০-ৰ দশক | পঞ্চম সৎনামী | কৌপাটি অঞ্চলত হাইস্কুল স্থাপনৰ বাবে ভূমি দান। |
| ১৯৭০-ৰ দশক | মাখন সৎনামী | হাতীঘুণী গাঁৱত শিক্ষা কেন্দ্ৰ স্থাপনৰ বাবে ভূমি দান। |
| - | শংকৰ সৎনামী | চৰাইদেউ জিলাৰ সাপেখাটী গাঁৱত নামঘৰ স্থাপনৰ বাবে ভূমি দান। |
No comments:
Post a Comment